Lamborghini Huracán LP 610-4 t
Assam E-News Network
(ænn)


# আজৱ বিশ্বৰ খবৰ : সৌভাগ্য উদয় কৰিবলৈ প্ৰতিবছৰে ছেক্স পাহাৰলৈ সোঁতবয় তীৰ্থযাত্ৰীৰ # 89months ago
# আজৱ বিশ্বৰ খবৰ : সৌভাগ্য উদয় কৰিবলৈ প্ৰতিবছৰে ছেক্স পাহাৰলৈ সোঁতবয় তীৰ্থযাত্ৰীৰ #
ইণ্ডোনেছিয়াৰ জাভা অঞ্চলৰ এই পাহাৰত প্ৰতিবছৰে ধৰ্মীয় অনুষ্ঠান পালন কৰিবলৈ সোঁত বয় তীৰ্থযাত্ৰীৰ । এই ধৰ্মীয় অনুষ্ঠানৰ নিয়ম অনুসৰি অচিনাকী মানুহৰ লগত যৌন সহবাস কৰিব লাগে । ছেক্স পাহাৰলৈ পুণ্য সঞ্চয়ৰ বাবে এই ধৰ্মীয় অনুষ্ঠানত ভাগ লয় বিবাহিত পুৰুষ, মহিলা, চৰকাৰী অফিচাৰ, দেহব্যৱসায়ী আদিয়ে । বিশ্বাস কৰা হয় যে এই ছেক্স পাহাৰত সহবাস কৰিলে ভাগ্য উদয় হয় । হাজাৰ হাজাৰ তীৰ্থযাত্ৰী এই ছেক্স পাহাৰলৈ গৈ যৌন সহবাস অনুষ্ঠানত অংশগ্ৰহণ কৰে । প্ৰতি ৰাতিত প্ৰায় ৮ হাজাৰ মানুহ ছেক্স পাহাৰত উঠি এই আজৱ ধৰ্মীয় অনুষ্ঠানত যোগদান কৰে । ছেক্স পাহাৰলৈ ৩৫ দিনৰ অন্তৰে অন্তৰে সাতবাৰ সহবাস কৰিব লাগে । তেতিয়া হ'লে বোলে ভাগ্য ঘূৰি আহে । বেকাৰসকলে চাকৰি পায়, শৰীৰ ৰোগমুক্ত হয়, দুখীয়া ব্যক্তিৰ আৰু অভাৱ নাথাকে, সংসাৰত অশান্তি নাথাকে । ইণ্ডোনেছিয়াত এই ধৰ্মীয় ৰীতি আৰম্ভ হয় ষোড়শ শতাব্দীত । এই ধৰ্মীয় ৰীতিৰ আঁৰত আছে এটা কাহিনী । ষোড়শ শতাব্দীত এজন ইণ্ডোনেছিয়ান যুৱৰাজে তেওঁৰ মাহীমাকৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰে । ৰজাই এই কথা জনাৰ পিছত যুৱৰাজে তেওঁৰ মাহীমাকক লৈ এই পাহাৰত আশ্ৰয় লয় । ৰাতি সেই পাহাৰত মৈথুনেৰ সময়ত যুৱৰাজ আৰু তেওঁৰ মাহীমাকক খুন কৰা হয় । তাৰপিছত সিহঁতৰ মৃতদেহ সেই পাহাৰত পুঁতি ৰখা হয়। তাৰ পৰাই আৰম্ভ হয় এই ধৰ্মীয় অনুষ্ঠানেৰ । স্থানীয় লোকৰ বহুতৰেই বিশ্বাস, ছেক্স পাহাৰৰ এই ধৰ্মীয় অনুষ্ঠানত অংশ লৈ ছেক্স কৰিলে ভাগ্য উদয় হয় ।
ভাৰত-বাংলাদেশ সম্পৰ্ক : এক বিশেষ প্ৰতিবেদন 89months ago

এটা সময়ত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক আছিল শত্ৰুতাৰ । মোদীকলৈ বাংলাদেশৰ বাতৰি কাকতত বিৰূপ মন্তৱ্য পঢ়িবলৈ পোৱা গৈছিল । কিন্তু তাৰ বিপৰীতে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়া মোদী হৈ পৰিছে বাংলাদেশৰ গলৰ মণি । ২৭ নভেম্বৰত ভাৰতলৈ বাংলাদেশৰ এটা প্ৰতিনিধি দল আহিছিল বুলি বাংলাদেশ প্ৰতিদিনত প্ৰকাশ পাইছে । আনহাতে অহা ১৮ ডিচেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ আমন্ত্ৰণমৰ্মে বাংলাদেশৰ ৰাষ্ট্ৰপতি আবদুল হামিদ ভাৰতলৈ আহিব বুলি বাংলাদেশৰ বৈদেশীকপৰিক্ৰমা মন্ত্ৰী এইছ মাহমুদ আলীয়ে প্ৰকাশ কৰিছে । এই খবৰ প্ৰকাশ পাইছে বাংলাদেশ প্ৰতিদিন আৰু ইউনাইটেড নিউজ ২৪ত । ভাৰত বাংলাদেশৰ ওচৰত থাকিব বুলি বাংলাদেশত নিযুক্ত ভাৰতীয় হাইকমিচনাৰ পঙ্কজ শৰণে প্ৰকাশ কৰাৰ কথা প্ৰকাশ পাইছে বাংলাদেশ প্ৰতিদিনত । তাৰ বাহিৰেও বাংলাদেশ প্ৰতিদিনত ভাৰত বাংলাদেশ বন্ধুপ্ৰতিম দেশ বুলি এটা বাতৰি প্ৰকাশ পাইছে । বাংলাদেশৰ বাতৰি কাকতত বাংলাদেশ-ভাৰত সহযোগিতাৰ পৰিবেশ সৃষ্টি হৈছে বুলি প্ৰকাশ পোৱাৰ লগতে সীমা সমস্যাকলৈ সীমান্ত চুক্তি আগুৱাই আছে বুলি প্ৰথম আলো কাকতে লিখিছে । আনহাতে মোদীয়ে ঢাকাৰ স'তে সীমান্ত চুক্তি কাৰ্যকৰী হ'ব বুলি দিয়া ভাষ্য BBC বাংলা যোগে প্ৰকাশ হৈছে । ভাৰতে বাংলাদেশৰ লগত স্থলসীমান্ত চুক্তি বাস্তবায়ন কৰিব বুলি লিখিছে বাংলাদেশ প্ৰতিদিন কাকতত । ভাৰতে বাংলাদেশলৈ ডিজেল ৰপ্তানি কৰিব বিচাৰে বুলি প্ৰথম আলো কাকতত প্ৰকাশ পাইছে ।

যিটো সময়ত বিদ্যুৎ সমস্যাই অসমবাসীক জুৰুলা কৰি আছে সেই সময়তে ভাৰতে বাংলাদেশলৈ বিদ্যুৎ যোগান ধৰিবলৈ প্ৰস্তুত হৈ আছে । ভাৰতে বাংলাদেশৰ ওচৰত বিদ্যুৎ বিক্ৰী কৰিব বুলি বাংলাদেশ প্ৰতিদিনত প্ৰকাশ কৰাৰ বিপৰীতে ভাৰতে বাংলাদেশক আৰু বিদ্যুৎ দিব বুলি নৰেন্দ্ৰ মোদীয়ে কৈছে বুলি দৈনিক ডেসটিনি কাকতত প্ৰকাশ কৰিছে ।

('আসাম ই-নিউজ নেটৱাৰ্ক'ৰ হৈ কন্দৰ্পজিৎ কল্লোলৰ প্ৰতিবেদন, ০৩/১২/১৪)

'বি.এছ.এফ.'ৰ ভাষ্য ''ভাৰত-বাংলাদেশ সীমান্তৰে গৰু সৰবৰাহ বন্ধ কৰাটো সম্ভৱ নহয়'' 115months ago

'বি.এছ.এফ.'ৰ ভাষ্য ''ভাৰত-বাংলাদেশ সীমান্তৰে গৰু সৰবৰাহ বন্ধ কৰাটো সম্ভৱ নহয়''

ænn news, ২ ডিচেম্বৰ ২০১৪ :

'বি.এছ.এফ.'ৰ ভাষ্য "ভাৰত-বাংলাদেশ সীমান্তৰে গৰু সৰবৰাহ বন্ধ কৰাটো সম্ভৱ নহয়" । উল্লেখযোগ্য যে ভাৰতীয় গৰু বাংলাদেশলৈ সৰবৰাহ হয় বিভিন্ন পথেৰে।

1234...678»